তোমাৰ চকুৰ পতাই কঢিয়ায়
সমুদ্ৰ-গৰ্ভস্থ এক বিষাদ
নে পাগলাদিয়াৰ ওপৰৰ স্থিৰ সেমেকা বতাহজাক
য’ৰ পৰা নামে এই চিনাকি অচিনাকি ৰাষ্টাটো
মোৰ বুকুলৈ
পলকত দেখো সত্ত্বা বিয়পি পৰা এটি পোহৰ
আৰু বহু হাহাকাৰ
মই পাগলাদিয়া পাৰ হ’ওঁ
নেদেখা পাগলাদিয়া
পাগলাদিয়াৰ কহুৱনিত
মোৰ চিৰ-পৰিচিত, হেৰুৱাই পোৱা হুমুনিয়াহবোৰে
জিৰণি লয়
আমাৰ মাজত থিয় দিয়ে নিলগৰ সুগন্ধই
বুকুৱেদি উজাই যায় আন এখন পাগলাদিয়া

Leave a comment